ভাৰতৰ স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণি সমুহ

                    স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত বাৰুকৈয়ে পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R. W. Carlyle য়ে ১৯০৫ খ্ৰীষ্টাব্দৰ ১০ অক্টোবৰৰ দিনা এখন জাননী জাৰী কৰি তেওঁলোকক আন্দোলনত অংশ গ্ৰহণ নকৰিবলৈ সকিয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে বংগত প্ৰৱল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল।

          ১৯০৫ চনৰ ৪ নৱেম্বৰৰ দিনা ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত ‘এন্টি-চাৰ্কুলাৰ ছ’চাইটি’ গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

        বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আব্দুল ৰছুল প্ৰমুখ্যে নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল।

           সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ সম্পাদিত "The Dawn" কাকতখনে কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক তাৰ পৰা ওলাই জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰু দাস বন্দোপাধ্যায়ৰ লগত লগ লাগি "The Dawn Society" নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল। এই Society য়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন (১৯০৪) আৰু কাৰ্লাইল জাননী (১৯০৫)ৰ বিৰোধিতা কৰি জাতীয় শিক্ষাক নতুন ৰূপত গঢ় দিবলৈ আন্দোলন কৰিছিল।

            স্বদেশী আন্দোলনৰ সময়ত বিশেষকৈ বংগত কেইবাটাও জাতীয় শিক্ষা অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম হৈছিল। সেইবোৰ হৈছে 一

    ➤ বংগ জাতীয় বিদ্যালয় (৬ আগষ্ট, ১৯০৫ চন) ৰবীন্দ্ৰনাথ ঠাকুৰ

    ➤ জাতীয় বিদ্যালয়, ৰংপুৰ (৮ নৱেম্বৰ, ১৯০৫ চন)

    ➤ জাতীয় শিক্ষা পৰিষদ (১১ মাৰ্চ, ১৯০৬) অধ্যক্ষ ৰাসবিহাৰী বসু

    ➤ বংগ জাতীয় মহাবিদ্যালয় (১৫ আগষ্ট, ১৯০৬ চন)

    ➤ Banga Technical Institute (পিছলৈ যাদৱপুৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়)

            জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত "বিহাৰ বিদ্যাপীঠ", মহাৰাষ্ট্ৰত "সমৰ্থ বিদ্যালয়", আৰু গুজৰাটত "গুজৰাট বিদ্যালয়" প্ৰতিষ্ঠা হৈছি স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল।

Related Questions- 

 1. বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।

      Answer Click Here

2. বংগ বিভাজনবিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা। 

      Answer Click Here

3. স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল?

       Answer Click Here

No comments:

Post a Comment

A Short Biography of Verne Allison with Musical Legacy

                                                             Verne Allison                 A Life in Music and a Legacy with The Dells Verne...