স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল ?

                 স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল। ইয়াৰ লগতে সেই সময়ত স্বদেশী দ্ৰব্য আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাও স্বদেশী উদ্যোগ প্ৰতিষ্ঠাত উদগণি যোগাইছিল। সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাত শাল উদ্যোগ, সৰিয়হ, তেল, চাবোন, চেনী, জুইশলা, বিস্কুট ইত্যাদি। ইয়াৰ লগতে গঢ়ি উঠিছিল

কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানস্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেতবোৰ উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে 一 

 (i) ১৮৯৭ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা "স্বদেশী ভাণ্ডাৰ",

(ii) ১৯০৫ চনত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা "ইণ্ডিয়ান ষ্টোৰচ", 

(iii) ১৯০৩ চনত ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে প্ৰতিষ্ঠা কৰা "লক্ষী ভাণ্ডাৰ",

(iv) ১৯০৬ চনত আব্দুল হালিম গজনবিয়ে প্ৰতিষ্ঠা কৰা "ইউনাইটেড বেংগল ষ্টোৰচ"।

                বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদিৰ দৰে ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল ǀস্বদেশী আন্দোলনৰ সময়তে নীলৰতন চৰকাৰৰ উদ্যোগত (১ আগষ্ট, ১৯০৬ চনত) বংগলক্ষী কটন মিল, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ তত্বাৱধানত (২৫ জুলাই ১৯০৬ চনত) বেংগল কেমিকেলছ আৰু জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭ চনত) গঢ়লৈ উঠিছিল।

              বংগদেশৰ দৰে ভাৰতৰ অন্যান্য প্ৰান্তটো বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠান জন্ম হৈছিল। ১৯০৫ চনৰ ৭ ডিচেম্বৰত আৰ. চি. দত্তৰ পৌৰহিত্যত বাৰাণসীত প্ৰথমখন "ভাৰতীয় উদ্যোগ সন্মিলন" অনুষ্ঠিত হৈছিল। এই সন্মিলনত স্বদেশী শিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ লগতে দেশীয় শিল্প উদ্যোগসমূহ পুনৰ জীৱিত কৰাৰ কাৰণে ৰাইজ ঐক্যৱদ্ধ হৈছিল।

Related Questions- 

1. বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।

     Answer Click Here 

2. বংগ বিভাজনবিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা।

      Answer Click Here

3. স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা।

      Answer Click Here 

No comments:

Post a Comment

A Short Biography of Verne Allison with Musical Legacy

                                                             Verne Allison                 A Life in Music and a Legacy with The Dells Verne...